EntertainmentNational

ACP প্ৰদ্যুমনৰ যাত্ৰা অন্ত!

CIDত দেখা নাপাব ACP প্ৰদ্যুমনক

ভাৰতীয় মনোৰঞ্জন জগতৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক CID ৰ ACP প্ৰদ্যুমনৰ যাত্ৰা সুদীৰ্ঘ ২৭ বছৰৰ পিছত অন্ত পৰিব। জনপ্ৰিয় ধাৰাবাহিকৰ দ্বিতীয় ছি’জন পুনৰ এবাৰ দৰ্শকৰ মাজলৈ অনা হৈছে , এইবাৰ দৰ্শকসকলে এই ধাৰাবাহিক OTT প্লেটফৰ্ম নেটফ্লিক্সত চাব পাৰিব।

CID দৰ্শকৰ বাবে ডাঙৰ খবৰ

জানিব পৰা মতে, আহিবলগীয়া ধাৰাবাহিকৰ খণ্ড সমূহত ACP প্ৰদ্যুমনক দেখা নাযাব। ধাৰাবাহিকত আগন্তুক খণ্ডত এটি বোমা বিস্ফোৰণত মৃত্যু হ’ব ACP প্ৰদ্যুমনৰ।

তথ্যমতে, CID ত বৰ্বোছাৰূপে অভিনয় কৰা টিগমাংশু ঢুলিয়াই সম্পূৰ্ণ CID দলৰ ওপৰত আক্ৰমণ কৰিব য’ত ACP প্ৰদ্যুমনৰ মৃত্যু হ’ব। কিন্তু আন আন CID সদস্যসকল বাচি যাব।

তথ্য অনুসৰি এই খণ্ডটিৰ শ্বুটিং ইতিমধ্যেই সমাপ্ত কৰা হৈছে আৰু অতি শীঘ্ৰেই এই খণ্ডটি দৰ্শকৰ মাজত এৰি দিয়া হ’ব । কিছু কাৰিকৰী কাম সম্পূৰ্ণ হ’লেই টেলিকাষ্ট কৰা হ’ব খণ্ডটো। লগতে আন বহু ধৰনৰ নতুনত্ব দেখিবলৈ পাব CID প্ৰেমী দৰ্শকে।

লগতে পঢ়ক: ৱাকফ বিধেয়কৰ বিৰোধিতা সাংসদ ৰাহুল গান্ধীৰ

নিৰ্মাতাসকলৰ মতে, ৯০ দৰ্শকৰ জনপ্ৰিয় ধাৰাবাহিক CIDক পুনৰবাৰ আগৰদৰেই আঁকোৱালি লৈছে দৰ্শকসলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button