সোণৰ দামে চুলে লাখৰ ঘৰ, ভংগ কৰিলে ৰ্সবকালৰ অভিলেখ
চকুপানী নিগৰাইছে সোণে

সোণ ক্ৰয় কৰটো অতীত কালৰ পৰাই বিনিয়োগ বুলি ধৰা হয়, যাতে নিজৰ বিপদৰ সময়ত কিছু টকা পাব পাৰি।কাৰণ কোৱা হয় সোণৰ মূল্য সদায় বৃদ্ধি হয় ।
কিন্ত এইবাৰ সোণে চুলে লাখৰ ঘৰ । ১০ গ্ৰাম সোণৰ মূল্য হ’লগৈ লাখ টকাৰো অধিক । উৎস অনুসৰি, সোমবাৰে আমেৰিকাৰ শ্বেয়াৰ মাৰ্কেট নিম্নগামী হোৱাৰ লগতে ডলাৰৰ ইনডেক্সও হ্ৰাস পাইছে । যাৰ ফলত মংগলবাৰে MCXত ব্যৱসায় আৰম্ভ হোৱাৰ লগে লগে সোণত ১৭০০ টকাৰ মূল্য বৃদ্ধি পায় । ইয়াৰ লগে লগে ৯৯,০০০ টকাৰ পৰা সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে সোণৰ মূল্যই ।

ঘৰুৱা বজাৰত এতিয়া মেকিং চাৰ্জ আৰু জিএছটি মিলাই লাখ টকাৰ পাৰ হ’লগৈ ১০ গ্ৰাম সোণৰ মূল্য । ইয়াৰ লগে লগে ভাৰতৰ লগতে বিশ্বতে হুৰাহুৰে বাঢ়িবলৈ ধৰিছে সোণৰ মূল্য । পৰৱৰ্তী সময়ত এই সোণৰ মূল্যৰ কিমান হ্ৰাস বা বৃদ্ধি হয় সেয়া হ’ব লক্ষ্যনীয়।
বৰ্তমান ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে এনেধৰণৰ- গুৱাহাটীত ১,০১,৩৫০ টকা, কলকাতা ১,০২,১২৫ টকা , দিল্লী ৯৮,৬০০ টকা, পাটনা ৯৯,৩৮০ টকা, আহমেদাবাদ ৯৮,৬৪০ টকা আৰু লক্ষ্ণৌ ৯৮,৬০০ টকা
লগতে পঢ়ক : জনপ্ৰিয়তা কমিছে প্ৰধানমন্ত্ৰী মোদীৰ !