PoliticalRegional

বিজেপিক কিয় ভোট নিদিব ? ভোটাৰক ভাবুকি দিলে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই !

ৰাজ্যৰ পাঁচ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক লৈ গৰম হৈ পৰিছে

ৰাজ্যৰ পাঁচ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক লৈ গৰম হৈ পৰিছে । চামগুৰিত যদি মুখ্য়মন্ত্ৰীয়ে নিৰ্বাচনৰ পাছতে সাংসদ ৰকিবুল হুছেইনৰ কেলেংকাৰীৰ তথ্য উদঙোৱা হ’ব । চাকৰি নিযুক্তিৰ কেলেংকাৰীত ৰকিবুল হুছেইনক থানালৈ মাতি নিয়া হব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

এখোপ আগুৱাই গৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এক প্ৰকাৰ ভোটাৰক ভাবুকিয়ে দিলে । নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছ নচলা ইঞ্জিন । বিজেপি ডাবোল ইঞ্জিন । সেয়ে বিজেপিক জিকাব লাগিব ।

মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

ইমানতে সীমাৱদ্ধ নাথাকি মন্ত্ৰী বৰুৱাই কয়, ‘চৰকাৰ আমাৰ, মন্ত্ৰী মই । বাৰে বাৰে যদি ভোট নিদিয়ে তেন্তে বিজেপিয়ে দিগদাৰ দিব। সংখ্যালঘু লোকৰ ব্যৱসায়-বাণিজ্য বন্ধ কৰি দিব বিজেপিয়ে’। ধলাইত নিৰ্বাচনী প্ৰচাৰ চলাই মুকলিকৈ এই ভাবুকি দিলে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।

লগতে পঢ়ক : আলিগড় মুছলিম বিশ্ববিদ্যালয় সংখ্যালঘুৰ

মন্ত্ৰীগৰাকীৰ এই ভাবুকিৰ বাবে নিৰ্বাচন আয়োগৰ ৰোষত পৰিব নেকি ? সেয়া সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থাকিব ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button