CrimeEntertainmentNational
বলিউডৰ ভাইজান ছলমান খানক হত্যাৰ ভাবুকি !

বলিউডৰ ভাইজান খ্যাত অভিনেতা ছলমান খানক পুনৰবাৰ হত্যাৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই । পূৰ্বে ছলমানক খানক লৰেঞ্চ বিষ্ণই গোটৰ সদস্যই হত্যাৰ ভাবুকি প্ৰদান কৰিছিল অভিনেতাগৰাকীক। তাৰ পিছতেই তেওঁৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল।
পুনৰবাৰ অভিনেতাগৰাকীক ভাবুকি প্ৰদানৰ পাছতে সকলোৰে মনত এক আতংকৰ সৃষ্টি কৰিছে । ভাবুকি প্ৰদান কৰা গৰাকীয়ে ছলমানৰ ঘৰত সোমাই অভিনেতাগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে । কেৱল সিমানে নহয়, ছলমানৰ গাড়ীও বোমাৰে উৰুৱাই দিয়া হ’ব বুলি ভাবুকি প্ৰদান কৰিছে ।

ইয়াৰ পাছতেই মুম্বাই আৰক্ষীয়ে ছলমান খানৰ সুৰক্ষা আৰু অধিক কটকটীয়া কৰি তুলিছে । বৰ্তমানলৈকে আৰক্ষীয়ে সেই অজ্ঞাত ব্যক্তিগৰাকী কোন তাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: ভাৰতলৈ অনা হ’ল ২৬ /১১ৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক