
জীৱনৰ অন্তিম সময়ত পিতৃয়ে চাব বিচাৰিলে পুত্ৰক। শয্যাগত অৱস্থাত চিকিতসক পুত্ৰলৈ পিতৃয়ে কৰিলে ফোন। ফোন কৰি কলে- ‘মোৰ অৱস্থা খুব বেয়া! মই শেষ সময়ত তোৰ মুখখন চাব বিচাৰিছোঁ! মই বিছনাতে পৰি আছোঁ! মোক কোনো টকা-পইচা, sympathy নালাগে! মোৰ জীৱনৰ শেষ সময়ত মই মাত্ৰ মুখখন চাব বিচাৰিছোঁ’!

কিন্তু দেখা নাপালে পুত্ৰক। সকলো আশা বুঁকুতে বান্ধি লৈ পিতৃয়ে ত্যাগ কৰিলে সংসাৰ।
লগতে পঢ়ক: বদ্ৰীনাথত ভয়ংকৰ ঘটনা, আবদ্ধ কেইবাগৰাকীও লোক
চিকিৎসক পুত্ৰই চিনি নাপাওঁ বুলি কলে পিতৃক। কি কাৰণত নিজ পুত্ৰই দেউতাকক চিনি নাপাওঁ বুলি ক’লে! শয্যাগত পিতৃৰ অন্তিমটো ফোনটো কিয় পুত্ৰৰ হৃদয় নগলিল! ইয়াৰ আঁৰত কি ৰহস্য আছে?

শয্যাগত পিতৃয়ে পুত্ৰলৈ কৰা এটা ফোন ৰেকৰ্ডিং সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে।
এতিয়া প্ৰশ্ন হৈছে, কেৱল ধনেই সৰ্বস্ব নে? জন্মদাত্ৰীৰ কোনো মূল্য নাই নেকি আজিৰ সময়ত? জীৱনৰ যিখিনি সময়ত মাক-দেউতাকক সন্তানৰ অতিকৈ প্ৰয়োজন সেই সময়খিনিতে সন্তানে গা এৰা দিছে।
এবাৰ নাতি-নাতিনী, পুত্ৰৰ মুখখন চাব বিচৰা পিতৃলৈ অলপো মোহমায়া, দয়া নাই কিয় নাই পুত্ৰৰ। পিতৃ-পুত্ৰৰ সম্পৰ্কত মধুৰতা নাছিল নেকি? এই বিষয়টোক লৈ নেটিজেনসকলৰ মাজত বিভিন্ন চৰ্চাও অব্যাহত আছে।
তাৰ মাজতে এগৰাকী মহিলাৰ বিশেষ পোষ্ট।এই পোষ্টটোৰ পাছতে ঘটনাটো বেলেগ ফালে ঢাল খোৱা যেন পৰিলক্ষিত হৈছে।

এতিয়া কি সঁচা কি মিছা। কি শুদ্ধ, কি অশুদ্ধ সেয়া আপুনিয়ে বিচাৰ কৰক।