
শেহতীয়াকৈ দক্ষিণ-পূব এছিয়াত হৈ যোৱা ভূমিকম্পই সৰ্বত্ৰে শোকৰ ছাঁ পৰিছে। ৰিখটাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ ভুমিকম্পত ইতিমধ্যে ১০০০তকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। লগতে ১০,০০০ ৰো অধিক লোক আহত হোৱা বুলি খবৰ পোৱা গৈছে। কেৱল ম্যানমাৰতে নহয় ,থাইলেণ্ড, বাংলাদেশৰ লগতে ভাৰতৰ মণিপুৰ, মেঘালয়তো কেইবাটাও ভূমিকম্পৰ মৃদু জোকৰণি অনুভূত হয়।

সমান্তৰালভাৱে ২৮ মাৰ্চৰ দিনটোত মাজনিশাও ম্যানমাৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। মাজনিশা ৪.২ প্ৰাবল্যৰ ভূমিকম্পই আতংকিত কৰিলে ম্যানমাৰৰ জনতাক। ১১.৫৬ মিনিটত ম্যানমাৰত অনুভূত ভূমিকম্পৰ কম্পন।

ম্যানমাৰত হোৱা এই বৃহৎ ভূঁইকপৰ ফলত খহি পৰে বহুসংখ্যক বিল্ডিং, দলং। লগতে পদ পথবোৰত ফাঁট মেলা পৰিলক্ষিত হয়। একপ্ৰকাৰৰ ধ্বংসস্তুপলৈ পৰিণত হয় ম্যানমাৰ দেশ।

বিশেষকৈ চাবলৈ গ’লে ম্যানমাৰৰ দ্বিতীয় বৃহৎ চহৰৰ মণ্ডলয় আৰু ইয়াৰ ওচৰ -পাজৰৰ অঞ্চলতবোৰত অত্যাধিক ক্ষয়-ক্ষতি হোৱা বুলি বিভিন্ন সংস্থা আদিৰ পৰা জানিব পৰা গৈছে।
ভূমিকম্পৰ পিছৰ দেশখনৰ প্ৰশাসন তথা উদ্ধাৰকাৰী দ’ল উদ্ধাৰ- কাৰ্যত নামি পৰে। ইতিমধ্যে উদ্ধাৰকাৰী দ’লে জনোৱা মতে ১০০০ ৰ ৰোগ অধিক লোক মৃত্যুৰ মুখত পৰিছে লগতে এই সংখ্যা ১০,০০০ ৰ অধিক হ’ব বুলি অনুমান কৰা হৈছে।

এই ভূমিকম্পৰ প্ৰাবল্য ইমানেই বেছি আছিল যে ইয়াক ৯০০ কিঃমিঃ দূৰত অৱস্থিত বেংককতো অনুভূত হয়। ইতিমধ্যে ভূমিকম্পৰ পিছত ম্যানমাৰৰ লগতে বেংককতো State Emergency লাঘু কৰা হৈছে । ভূমিকম্পৰ পিছতেই বৰ্তমান ম্যানমাৰে এক জটিল পৰিৱেশৰ সন্মুখীন হৈছে । যাৰ বাবে দেশখনত খাদ্য আৰু খোৱা পানীৰ সমস্যাই দেখা দিছে।
লগতে পঢ়ক: গৰমত কিয় অত্যধিক পানী খাব লাগে?
লগে লগে পৃথিৱীৰ বহুকেইখন দেশ যেনে – চীন , ৰাছিয়াই বিভিন্ন সহায়ৰ লগতে ম্যানমাৰলৈ উদ্ধাৰকাৰী দ’ল প্ৰেৰণ কৰিছে । উল্লেখযোগ্য যে ভাৰতেও বিভিন্ন লাগতীয়াল সামগ্ৰী ম্যানমাৰলৈ প্ৰেৰণ কৰিছে।
