ট্ৰাম্পৰ টেৰিফৰ পিছতেই ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ
অভাৱনীয় গতিত হ্ৰাস পাইছে পইণ্ট!

আজি ৰাতিপুৱাৰ পৰাই ভাৰতীয় শ্বেয়াৰ মাৰ্কেট চেনচেস্ক আৰু নিফটি দুয়োটা মাৰ্কেটই অভাৱনীয় হাৰত নিম্নগামী হৈ পৰিছে। চেনচেস্কত ৩০০০পইন্ট আৰু নইফটইত ১০০০ পইন্ট হ্ৰাস পাইছে।

বিএচ ই ৰ চেনচেস্কৰ আটাইতকৈ বেছি মুনাফা হেৰুৱা কোম্পানী হৈছে টাটা ষ্টীল, টাটা ম’টৰ্চ, এল এন,টি (L&T),এইচ চি এলটেক (HCL),আৰু ইনফোচিচ (INFOSYS)। ইয়াৰ ভিতৰত শীৰ্ষত আছে টাটা ম’টৰ্চ য’ত (-৮.৮১) পইন্ট হ্ৰাস পাইছে।
বিশেষজ্ঞসকলৰ মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হঠাৎ জাৰি কৰা টেৰিফৰ পিছতেই এই মাৰ্কেটসমূহ নিম্নগামী হৈছে।

উল্লেখযোগ্য যে, আমেৰিকাৰ পৰা ভাৰতে আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰতে ২৬% টেৰিফ লগাইছে ট্ৰাম্পে। তাৰ পিছতেই ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব বুলি অনুমান কৰা হৈছিল।
কেৱল ভাৰত বুলিয়ে নহয় প্ৰায় এছিয়াৰ সকলোবোৰ শ্বেয়াৰ মাৰ্কেটেই নিম্নগামী হোৱা দেখা গৈছে। চীনৰ শ্বেয়াৰ মাৰ্কেটতো ব্যাপক হ্ৰাস দেখা গৈছে। চীনৰ ওপৰত যিহেতু ট্ৰাম্প চৰকাৰে ৩৪% শতাংশ টেৰিফ লগাইছে গতিকে চীনৰ শ্বেয়াৰ মাৰ্কেটো আন আন দেশবোৰৰ দৰে অসুবিধাৰ সন্মুখীন হৈছে।

উল্লেখযোগ্য যে, আমেৰিকাৰ পৰাই এছিয়ালৈ সৰহ সংখ্যক চাৰিচকীয়া গাড়ী ,বিভিন্ন লাগতিয়াল আৰু প্ৰয়োজনীয় সামগ্ৰী আমদানি কৰা হয়, গতিকে ট্ৰাম্পে জাপি দিয়া এই টেৰিফৰ বাবে সাধাৰণতে বিমোৰত পৰিছে এছিয়াৰ দেশবোৰ।
লগতে পঢ়ক: শ্ৰীলংকাক কেতিয়াও ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব-ভাৰতক প্ৰতিশ্ৰুতি শ্ৰীলংকাৰ
যিহেতু এইবোৰৰ কাৰ্যৰ বাবে দেশবোৰৰ শ্বেয়াৰ মাৰ্কেটসমূহ অভাৱনীয় ৰূপত নিম্নগামী হৈছে, সেয়ে এইবাৰ লক্ষ্যনীয় বিষয় হ’ব যে এই অতিৰিক্ত টেৰিফে বিশ্বৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত কি প্ৰভাৱ পেলায়।