InternationalNationalPolitical

জনপ্ৰিয়তা কমিছে প্ৰধানমন্ত্ৰী মোদীৰ !

উন্নত ৰাষ্ট্ৰৰ ভিতৰত ভাৰতক শীৰ্ষ পাঁচত অন্তৰ্ভুক্ত কৰাৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বজুৰি ডজনপ্ৰিয়তা হ্ৰাস পাইছে । শেহতীয়াকৈ টাইমছ মেগাজিনৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ সন্দৰ্ভত সমীক্ষা চলোৱা হৈছিল । শেহতীয়াকৈ বিশ্বৰ অন্যত জনপ্ৰিয় মেগাজিন টাইমছে প্ৰকাশ কৰিছে ২০২৫ ৰ বিশ্বৰ প্ৰভাৱশালী তথা প্ৰত্যাশিত ব্যক্তিৰ শীৰ্ষ ১০০ গৰাকীৰ নাম ।

এইবছৰ ৫ গৰাকী বিশেষ ব্যক্তিৰ নাম সংযোজন হৈছে অভিনেতা তথা প্ৰয়োজক ডেমী মোৰে, গায়ক স্নুপ ডগ , প্ৰাক্তন টেনিচ খেলুৱৈ চেৰেনা উইলিয়ামছ, গায়ক ইড চেৰিন,আৰু গুগল ডিপমাইন্ডৰ কো ফাউণ্ডাৰ ডেমিছ হোচাবিছ।

অলিম্পিকৰ সাঁতোৰবিদ লিয়ন মাৰ্চেন্ড এইবছৰ আটাইতকৈ কনিষ্ঠতম ব্যক্তি তেওঁৰ বয়স হৈছে ২২ বছৰ। ইয়াৰ বিপৰীতে টাইমছৰ এই লিষ্টত আটাইতকৈ বয়সস্থ ব্যক্তি হ’ল বৰ্তমান বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুচ । ইউনুচৰ বৰ্তমান বয়স হৈছে ৮৪ বছৰ।

আকৌ এই লিষ্টখনত বিশ্বৰ কেইবাগৰাকীও শীৰ্ষ ৰাজনৈতিক নেতা আৰু সমাজ হিতৈষী ব্যক্তিৰ নাম আছে । তাৰ ভিতৰত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ডোনাল্ড ট্ৰাম্প আৰু ইলন মাস্ক,ডোমা বোকোৰ আদিৰ নাম আছে । কিন্তু উল্লেখযোগ্য কথাটো হ’ল এই লিষ্টত নাম নাই ভাৰতৰ প্ৰধানমন্ত্ৰী তথা বিশ্বৰে অন্যতম শীৰ্ষ ৰাজনৈতিক নেতা নৰেন্দ্ৰ মোদীৰ ।

এইবাৰৰ এই লিষ্টখনত লক্ষনীয় কথাটো হ’ল কোনো ভাৰতীয় ব্যক্তিৰ নাম নাই । ইয়াৰ পিছতেই বহু ব্যক্তিয়ে আচৰ্য্য প্ৰকাশ কৰিছে। কিয়নো ভাৰতৰ‌ এগৰাকী ব্যক্তিৰ হ’লেও নাম সন্নিৱিষ্ট থাকে উক্ত মেগাজিনত ।

লগতে পঢ়ক : লাখপতিয়ে নহয়, গাড়ী ধুই কোটিপতি হোৱা এজন যুৱক

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button