Political

চামগুৰিত কাৰ চলিব যাদু ? EVMত আজি বন্দী হ’ব ভাগ্য

চামগুৰি কাৰ দখলত ?

আজি পাঁচ সমষ্টিৰ উপ-নিৰ্বাচন । পাঁচ সমষ্টিৰ ৩৫ গৰাকী প্রার্থীৰ ভাগ্য বন্দী ই ভি এমত। উল্লেখযোগ্য যে এইবাৰৰ উপ-নির্বাচনত সকলোৰে দৃষ্টি নিৱন্ধ হৈছে চামগুৰিত। হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ লোৱা চামগুৰিত নিৰাপত্তাৰক্ষীয়ে প্রদান কৰিছে বিশেষ গুৰুত্ব ।

যোৱা কেইবাদিনো কেইবাটাও হিংসাত্মক ঘটনাই জোকাৰি যোৱা চামগুৰিত সুকলমে ভোটগ্রহণ অনুষ্ঠিত কৰাটোও প্ৰত্যাহ্বান মূলক হৈ পৰিছে বৰ্তমান নির্বাচন আয়োগৰ বাবে ।

অৱশ্যে এনে প্রত্যাহ্বান নেওচি সুচাৰুৰূপে ভোটগ্রহণ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নির্বাচন আয়োগ। স্পর্শকাতৰৰূপে চিহ্নিত কেইবাটাও ভোটগ্রহণ কেন্দ্রত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

চামগুৰিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,৮০,৫০১ গৰাকী আৰু ১১ গৰাকী প্রার্থীয়ে এইবাৰ আগবঢ়াব প্রতিদ্বন্দ্বিতা ।
চামগুৰিত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হ’ল ১৯৭ টা। বিহালী সমষ্টিত ১,৩২,৫৭৯ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ্য।

সমষ্টিটোৰ বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰ, কংগ্ৰেছ প্রার্থী জয়ন্ত বৰা আৰু চি পি আই (এম এল)ৰ লক্ষ্মীকান্ত কুৰ্মীৰ মাজত ত্রিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোত নিয়োজিত ৭৪৪ গৰাকী পলিং আৰু প্রিজাইডিং বিষয়াই ১৫৪ টা ।

আনহাতে বঙাইগাঁও সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্য হ’ল আঠগৰাকী। অৱশ্যে সমষ্টিটোত মূল যুঁজখন হ’ব বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহৰ মাজত।

২৪১ টা ভোটকেন্দ্রত ভোটগ্রহণ কৰা হ’ব সম্পন্ন আৰু ইয়াৰ বাবে নিয়োজিত কৰা হৈছে ১,০৯৪ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়াক। আনফালে মিজোৰাম সীমান্তৱতী ধলাই সমষ্টিতো সুকলমে ভোট গ্রহণ

লগতে পঢ়ক : বিজেপিক কিয় ভোট নিদিব ? ভোটাৰক ভাবুকি দিলে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই !

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button