National

উৎকট গৰমৰ পৰা হাত সৰাৰ ৬টা টিপছ

জানিবলৈ এই প্ৰতিবেদনটো পঢ়ক

বৰ্তমান সময়ত গৰমৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে। জলবায়ু পৰিবৰ্তন, অত্যাধিক উদ্যোগীকৰণ, গাড়ী মটৰৰ ব্যৱহাৰ আদিৰ দৰে বিভিন্ন কাৰণৰ বাবেও সময়তকৈ আগত গৰমৰ তাপমাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে।

বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো গৰমৰ প্ৰভাৱ‌ বৃদ্ধি পাইছে । বিশেষকৈ উত্তৰ ভাৰতত গৰমৰ বাবে তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত প্ৰতিবছৰে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে।

গতিকে কিদৰে এই গৰমৰ পৰা হাত সাৰিব । গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান টিপছ-

১) যদি প্ৰয়োজনীয় কাম নাই পৰা পক্ষত ভৰ দুপৰীয়া ঘৰৰ পৰা নোলাব।যদি ওলাব লগা হয় হাত দীঘল কাপোৰ পিন্ধিব। মুখত ছানছ ক্ৰীম ব্যৱহাৰ কৰিব।

২) পাৰ্যমানে পানী খাব । ডি-হাইড্ৰেচনৰ পৰা নিজকে বচাই ৰাখিব। যদি তেনে নকৰে আপোনাৰ শৰীৰত ভিন্ন ধৰনৰ বেমাৰ আজাৰে দেখা দিব পাৰে। যেনে – মূৰৰ বিষ, জ্বৰ ইত্যাদি।

৩)থলুৱা শীতল পানীয় সেৱন কৰিব। নিজৰৰ শৰীৰক শীতল কৰি ৰাখিবলৈ নেমু চৰ্বত ,দাবৰ পানী আদিৰ লগতে তিয়হ, তৰমুজ আদি খাব।

৪) অত্যাধিক কষ্টকৰ কাম কৰাৰ পৰা দূৰত থাকক। অত্যাধিক কষ্টকৰ কামে শৰীৰৰ বিভিন্ন অংগক দুৰ্বল কৰি পেলায় সেয়ে কম কষ্টৰ কাম কৰক।

৫) পাতল কাপোৰ পৰিধান কৰিব ।গৰ্ভত পৰালৈকে পাতল কাপোৰ পিন্ধিবলৈ যত্ন কৰিব যাতে আপোনাৰ শৰীৰত প্ৰয়োজন বতাহৰ চলাচল কৰিব পাৰে।

৬)পৰালৈকে দিনত দুবাৰকৈ গা ধুবলৈকে চেষ্টা কৰক । ই আপোনাৰ দেহক শীতল কৰি ৰাখিব। আৰু উৎকট গৰমৰ পৰা কিছু পৰিমাণে হ’লেও সকাহ পাব।

লগতে পঢ়ৰক: ট্ৰাম্পৰ টেৰিফৰ পিছতেই ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ

এইবোৰৰ উপৰিও আপোনাৰ ঘৰত যদি শিশু বা বৃদ্ধ আছে তেওঁলোকৰ ওপৰত বিশেষ নজৰ দিব নাপাহৰিব। আপুনি যদি এই টিপছ মানি চলিবলৈ চেষ্টা কৰে তেন্তে কিছু পৰিমানে হ’লও এই উৎকট গৰমৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button